Monday, 15 April 2013

উপাৰ্জনৰ এটা পথ: অনুবাদ

Upajoner Eta Poth: Anubad


বৰ্তমান সময়ত অনুবাদৰ ক্ষেত্ৰখন ইমান বিস্তৃত হৈছে যে আমি ইয়াৰ কল্পনাই কৰিব নোৱাৰো৷ কিন্তু এতিয়াও এনে বহুতো ব্যক্তি আছে যিসকলে অনুবাদ সম্পৰ্কে একোকে নাজানে৷ এতিয়াও বহুতো মানুহে উপাৰ্জনৰ মাত্ৰ কেইটামান নিৰ্দ্দিষ্ট পাঠ্যক্ৰমতে সীমাবদ্ধ হৈ আছে।সেই পাঠ্যক্ৰমবোৰ লৈয়েই সকলোৱে আগবাঢ়িব খোজে। কিন্তু সাম্প্ৰতিক সময়ত এনে অলেখ ক্ষেত্ৰ আছে যিবোৰৰ জ্ঞান লাভ কৰি এটা সন্মানীয় জীৱন-যাপন কৰিব পাৰি। এনে ক্ষেত্ৰবোৰৰ ভিতৰত অনুবাদো এটা এনে ক্ষেত্ৰ যিআমাক উপাৰ্জনৰ ভাল পথ দেখুৱাবপাৰে৷

পূৰ্বতে যি সকল লোকে দুটা ভাষা ভালকৈ জানিছিল তেওঁলোকেই অনুবাদ কৰিব পাৰিছিল৷ তেতিয়াঅনুবাদৰ কোনো পাঠ্যক্ৰম নাছিল৷বৰ্তমানো বহুতো লোকে কোনো পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈ অনুবাদ কৰি আছে৷ কিন্তু উল্লেখনীয়  কথাটো হ’লযে কিছু দশক আগৰ পৰা অনুবাদৰ পৰিসৰ চৰকাৰী আৰু বেচৰকাৰীদুয়োটা স্তৰত বহুলভাৱে বৃদ্ধি পাইছে। ইয়াৰ মুখ্য কাৰণ হৈছে ভাৰতত ভাষা বৈষম্যতাক দূৰ কৰাআৰু গোলকীকৰণত নিজকে প্ৰতিস্থাপিত কৰা।

ভাৰত চৰকাৰে বিভিন্ন কেন্দ্ৰীয় বিশ্ববিদ্যালয়,মহাবিদ্যালয় আৰু সংস্থাসমূহত অনুবাদৰ বিভিন্ন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰি দিছে, যেনে- মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয় (বৰ্ধা, মহাৰাষ্ট্ৰ), জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (দিল্লী), ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় (দিল্লী), ই.এফ.এল. বিশ্ববিদ্যালয় (হায়দৰাবাদ), ভাৰতীয় অনুবাদ পৰিষদ (দিল্লী) আদি৷ এই সংস্থাসমূহত অনুবাদৰ ডিপ্ল’মা আৰু বিভিন্ন ডিগ্ৰী আদি প্ৰদান কৰা হয়৷ এই পাঠ্যক্ৰমত শিক্ষা গ্ৰহণত বয়সৰ কোনো সময়সীমা নাথাকে। গতিকে যিকোনো বয়সৰ ব্যক্তিয়ে এনে পাঠ্যক্ৰম লাভ কৰিব পাৰে।

অনুবাদ পাঠ্যক্ৰমৰ শিক্ষা লাভ কৰি যিকোনো ব্যক্তিয়ে অনুবাদ কৌশলৰ বিষয়ে জানিব পাৰে। আজিকালি চৰকাৰী ক্ষেত্ৰত বিভিন্ন ভাষাৰ অনুবাদকৰ বিজ্ঞাপন ওলোৱা প্ৰায়ে দেখা যায়৷চৰকাৰী বিজ্ঞাপনত বয়সৰ সীমা নিৰ্ধাৰিত কৰি থোৱা হয়৷ কিন্তু বেচৰকাৰী ক্ষেত্ৰত বয়সৰ কোনো সীমা নিৰ্ধাৰণকৰি থোৱা নহয়৷ভাৰতত এনে বহুতো নিজস্ব কোম্পানী বা এজেঞ্চী আছে যিবোৰত যোগদান কৰি ভাল উপাৰ্জন কৰিব পাৰি। এনে কোম্পানীত নিজৰ ভাল কাৰ্য্যদক্ষতা দেখুৱাই নিজকে এটা উচ্চ স্থানত প্ৰতিস্থাপিত কৰিব পাৰি। ইণ্টাৰনেটৰ মাধ্যমত এই কোম্পানী বা এজেঞ্চীৰ সন্ধান পাব পাৰি।

গতিকে, অনুবাদ এটা এনেকুৱা ক্ষেত্ৰ যিয়ে চৰকাৰী আৰু বেচৰকাৰী দুয়োটা ক্ষেত্ৰতে আমাক অতিকৈ লাভাম্বিত কৰিব পাৰে। শেষত, আমি ক’ব পাৰোঁ যে আমি নিজকে কেৱল কেইটামান বিষয়ত সীমাবদ্ধ নাৰাখি যদি বিস্তৃত মনোবৃত্তি ৰাখো তেন্তে নিশ্চয়েই উন্নতিৰ পথত আগুৱাই যাব পাৰিম।